Sunday, August 7, 2016

এজন লিখকৰ ডাযেৰি


ৰঙীন জোনাকী নিশাই হওক বা ধৰাৰ সেউজীয়া
কংক্ৰিতৰ যান্ত্ৰিকতাৰে ভৰা জীৱন
য’ত আছে আধুনিকতাৰ প্ৰলেপ,
মুখাপিন্ধা ভদ্ৰতা......
আৰু আছে কোলাহল
এককেন্দ্ৰিকতাৰ….
মই কিয়নো আহিলো এই পৃথিৱীলৈ ...
(আগলৈ....)






Wednesday, August 3, 2016

চিঠিঃ মানৱ সৃষ্ট ব্য়ৱস্থাৰ বেমেজালিবোৰ...


              ০৪-১০-২০১৪
মৰমৰ কল্পনা,
মই মুঠেই পৰচৰ্চা শব্দটোক লৈ বদনামলৈ ভয় নকৰো, অন্তত কাকো শাৰীৰিক বা মানসীক যান্ত্ৰনা দিয়া নাই, কাৰো পানীখোৱা পুখুৰীত বিহ ঢলা নাই | মোৰ চৰিত্ৰক লৈ কোনেও আঙুলী টোৱাব নোৱাৰে, কাৰণ মই এনে কোনো কাম কৰা নাই যিয়ে মোক কেতিয়াবা বিপদত পেলাব | আৰু নাৰী চৰিত্ৰক লৈও মই সন্ধেহী নহওঁ আৰু, কাৰণ বন্ধনৰ পাকচক্ৰৰ উদ্ধত মোৰ জীৱন তোমাৰ প্ৰতি সৃষ্টি হোৱা আবেগৰ বাবেই | পৰস্পৰৰ আগ্ৰহৰ প্ৰকৃতিৰ প্ৰেমমিল, দুয়োজনৰ সন্মতিক্ৰমে আগবঢ়া অনুভৱৰ সংগ্ৰামী জীৱন, প্ৰেম হ’ল সকলোৰে প্ৰাপ্য | মোক লৈ বিপদে মুৰ ঘমাই লাভ নাই, মই সকলো বিপদৰ বাবে সাজু সক্ষম পুৰুষ, অকলে তোমাৰ সৃষ্টিত মই পূৰ্ণাঙ্গ |
মোৰ যে এনে এক কল্পনাৰ জগত, বাস্তৱৰ লগত যিহেতু মিতিৰালীয়েই নাই, বাস্তৱেনোকি ৰতনা ৰচিব !  তোমাৰ পাছতেই আছে মোৰ লাহ-বিলাহৰ পৰা মুক্ত এখন আধ্যত্মিক জগত, পৰমবহ্মৰ লগত | হ’ব পাৰো এক ইশ্বৰক বিশ্বসী-সেয়া আল্লাই হওঁক বা গড | কিন্তু মানুহে বান্ধি দিয়া নিয়ম পালন কইব নোৱাৰো; এয়া জৰুৰীও নহয় | আস্তিক আৰু নাস্তিক একেদৰেই জীয়াই আছে, প্ৰকৃতিয়ে দুয়োকে দিছে সম অধিকাৰ | কিন্তু মানৱ সৃষ্ট ব্যৱস্থাৰ বেমেজালিবোৰত কেতিয়াবা বিমুৰত পৰো আৰু নিশব্দ যি নিশব্দই হৈ থাকো..... কোৱাই কবই, সেয়াই তেওঁলোকৰ কাম |
প্ৰান্তত...

নিশব্দ ...

চিতাবোৰ জ্বলিছে

চিতাবোৰ জ্বলিছে
কিন্তু,
চিতাত উঠাৰ আগতেই দেখোন
মানুহবোৰ জ্বলি শেষ হৈছে !!
অসমত এতিয়া দৃশ্যমান
চিতাৰ জুয়ে জগত পোহৰোৱাৰ চেষ্টা কৰিছে....
আৰু পৰিবৰ্তনৰ কল্পনাত
আপোন চিতাত জুই দি অসমী আইক খণ্ডিত কৰিব বিচৰা
আইৰ সন্তানবোৰ দেখোন মূৰ্খ মানুহ বুলি জগতে হাঁহিছে...


Tuesday, August 2, 2016

পৰাজিত নেতা



মই ভাবিছিলো মযেই আছিলো সমাজ গঢ়োতা য়ুগপুৰুষ
আৰু ভাবিছিলো পতন পথত সমাজ...
এতিয়া মোক সমাজে গালি পাৰে
ৰাস্তাৰ কুকুৰক লেই লেই চেই চেই ৰ দৰে.....

কাৰণ মই নিৰ্বাচনত পৰাজিত ৰাজনৈতিক নেতা...
ৰচনাকালঃ ১৯-০৬-২০১৬

উত্তৰ: প্ৰথম চিঠি....

নিশব্দতাৰ মোৰ দেৱতা....                                             ২৬-০৮-২০১৪
       এয়া আপোনালৈ বুলিয়েই নহয় মোৰ জীৱণৰ প্ৰথমখন চিঠি | বৰ্তমানৰ ই-মেইল, ফেচবুক হোৱাট্‍ আপৰ যুগত মই কেতিয়াও চিঠি লিখাৰ প্ৰয়োজনবোধ কৰা নাছিলো | মনত অসংখ্য কথাৰ বুৰবুৰনি, আপোনাক যিমানেই জানিব-বা বুজিবৰ চেষ্টা কৰি গভীৰতালৈ সোমাই যাওঁ. গভীৰতাৰ পাৰাপাৰ নাপাওঁ |
আপোনাক লগ পোৱাৰ দিনটোৰ কথা মনত পৰে, আপোনি যেতিয়া তৰ্ক কৰি আছিল অসম আৰু অসমীয়াৰ অস্তিত্বৰ বিষয়ে বিশ্ববিদ্যালয়ৰ চপিং কম্লেক্সত | কাষতে মই বহি আছিলো, আপুনি হয়তো মোৰ উপস্থিতিক নসাত্‍ কৰিছিল একমাত্ৰ বিষয় বস্তুৰ গুৰুত্বত আৰু মই একানপতীয়া হৈ আপোনাৰ কথাবোৰক অনুধাৱন কৰিবলৈ চেষ্টা কৰিছিলো | মোৰ শিক্ষা সাং হোৱাত মহানগৰীলৈ মই গুচি আহিলো আৰু এতিয়াহে আপোনাৰ লগত মোৰ সংযোগ হ’ল | বিশ্ববিদ্যালয়ৰ প্ৰতিদিনাই আপোনাৰ বাবেই মই চপিং কম্লেক্স গৈছিলো, কিন্তু আমাৰ বিদায়ৰ মাহটোত আপুনি এবাৰো নাহিল, ভাবিছিলো আপোনাৰ লগত চিনাকী হ’ম আৰু মনৰ কথা কম | কিন্তু.........
হয়তো গুৱাহাটীৰ কৃত্ৰিম বানৰ মাজত আপোনাক সেইদিনা নোপোৱা হ’লে চিনাকিয়েই হ’ব নোৱাৰিলো হেতেন, চিৰিয়াখানাৰ পৰা আপুনি এ আই ডি চি ৰ ফালে যোৱাৰ দৰে ময়ো গৈ আছিলো , সন্ধিয়া সময়ত অকলশৰে মই বৰ নিঃসহায় আনুভৱ কৰিছিলো, উপায় নেপাই ভদ্ৰ লোক বিচাৰি আপোনাৰ সৈতে সংযোগ হৈছিল | মনে মনে ধন্য হৈছিলো মই ...
আপোনাৰ
কল্পনা...



চিঠিঃ আকাশত উৰাৰ মন আছিল

আকাশত উৰাৰ মন আছিল
আন্ধাৰত হেৰাই গ’ল মন
মৰমৰ কল্পনা,                                                                                     ০১-১০-২০১৪
প্ৰাপ্তিৰ অতৃপ্তৰা শেষ হোৱাৰ সময়তে মহামাৰিৰে দেখা দিছে মোৰ মনত | মোৰ আনন্দৰ ধাৰবোৰ ব’ব নোৱাৰা হৈছে আৰু সুখানুভূতিবোৰ অতীত আৰু বৰ্তমানৰ আক্ৰমনত বলি হৈছে | সপোনবোৰ ভাগি যাৱক, সমন্ধবোৰ ভাগি নগলেও হ’ল | কিন্তু সমন্ধবোৰ সপোনবোৰতকৈ থুনুকা , মনটো ভাগি নগ’লেই হ’ল বুলিয়েই সাহসেৰে জীয়াই আছো |
মই প্ৰায়ে ভাগি পৰো, ভাগি বাগৰি পৰো সময়ৰ গৰম বালিত | উচ্ছাহৰ জ্বলাণ্জ্বলি দি মই, পাগলৰ দৰে চিঞৰো ভিতৰি ভিতৰি | জন্মদিনৰ দৰে উত্সৱত ভাগ নোলোৱাৰ কাৰণটো মোৰ সিমানেই | এনে লাগে সমন্ধৰ ভঙা ছিঙাবোৰ ঠিক কৰিবলৈ চেষ্টা কৰাবোৰ মোৰেই গান |
মোৰ সপোনবোৰ বৰ ধুনীয়া আছিল, কাৰ্যত যেনেদৰে আগবাঢ়িব লাগিছিল তেনেদৰে আগবাঢ়িব নোৱাৰিলো | বৰ্তমান মোৰ অতীতৰ অকৰ্মন্যতাৰেই ফল | সময়ৰ এটি বান্ধোন থাকে আৰু বান্ধোনৰো থাকে এটি সীমা, সময়বোৰ পাৰ হৈ গ’লে সকলোবোৰ হেৰাই যাবও পাৰে আন্ধাৰত | আকাশত উৰাৰ মানসেৰে পাখি মেলিছিলো, পাখিবোৰ পূৰ্ণাঙ্গ নোহোৱাত দুৰ্বল দেহাই নুকুলালে, পৰাৰ পাছত উঠিব নোৱাৰিলো আৰু |
প্ৰান্তত
নিশব্দ


চিঠিঃ কি য়ে হ’ব....



মৰমৰ কল্পনা,                                                                                     ২৯-০৯-২০১৪
এইখিনিতে অলপ থমকি ৰ’ব দিয়া, যাতে মনৰ খেলি-মেলিবোৰ আঁতৰাব পাৰো | আগতে মই মোৰ মতে জগতখনক পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিলো | বেয়া কথা কোৱা, বেয়া বস্তু খোৱাক অপৰাধ গন্য কৰিছিলো | আৰু আজি মই সমাজৰ ধাৰাত বৈ আছো | সমাজ সলনি কৰিবলৈ গৈ মোৰ এই অৱস্থা, উচিত স্থানত অৱতৰণ কৰিব নোৱাৰা বাবেই মোৰ এই অৱস্থা | বিনামূলীয়া শিক্ষা(টিউচন), আনক উচিত দিশ, উপদেশ আৰু সহায় বহুত কৰিলো, নিজলে পাছে একো নাথাকিল | মোৰ আয়ৰ ধন শূণ্য |
কালৰাত্ৰিবোৰ পাৰ কৰি আছো, একো নাই মোৰ বৰ্তমান | আছে মাথো এটি হৃদয় আৰু হৃদয়ত মৰম, সকলোৰে বাবে | কিন্তু ভোকত আকৌ মৰম-চৰম একোৱেই কৰিবৰ শকতি নাথাকে |

এতিয়া ক’বলেও যেন শব্দ নাই বুজাবলৈকো...
প্ৰান্তত

নিশব্দ...